Rozgarassam.com
HomeSubmit JobAdvertiseContact
Rozgarassam.

Your trusted source for government job alerts, admit cards, results & scholarships across Assam.

Dalgaon, Assam, India

Explore

  • Closing Soon
  • Government Jobs
  • Private Jobs
  • Admit Cards
  • Results
  • Exams
  • Study Materials
  • Admissions
  • Scholarships
  • Schemes
  • Tenders
  • Auction

Company

  • About Us
  • Disclaimer
  • Privacy Policy

Connect

©© 2026 RozgarAssam. All rights reserved.

AboutPrivacyDisclaimer
HomeStudy MaterialsEssay on Your Favourite Writer/Literary Person in Assamese- Tumar Priyo Sahityik Essay for Assam Students

This Essay is for Assamese Subject of Class 10 of Marks 8

Essay on Your Favourite Writer/Literary Person in Assamese- Tumar Priyo Sahityik Essay for Assam Students

NewStudy MaterialDeclared
Published On25th May, 2026This Essay is for Assamese Subject of Class 10 of Marks 8Assam
WhatsApp ChannelTelegram Channel
Join WhatsApp ChannelJoin Telegram Channel

                                                                মোৰ প্ৰিয় সাহিত্যিক

                         লক্ষ্মীনাথৰ কলমত জাগিল অসমৰ প্ৰাণ,

                        সাহিত্যৰ আকাশত তেওঁ এক উজ্জ্বল জ্যোতিষ্মান।

​ আৰম্ভণি : অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা পুৰোধা ব্যক্তিসকলৰ ভিতৰত  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। যি সময়ত অসমীয়া ভাষা নিজৰ ৰাজ্যতে এলাগী হৈ পৰিছিল, সেই সময়ত যি কেইগৰাকী কাণ্ডাৰীয়ে অশেষ প্ৰচেষ্টাৰে মাতৃভাষাক পুনৰ প্ৰতিষ্ঠা কৰিছিল, তেওঁলোকৰ ভিতৰত বেজবৰুৱা আছিল অগ্ৰগণ্য। 

​জন্ম আৰু শিক্ষা: ১৮৬৪ চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা এখন ভ্ৰমণৰত নৌকাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল দীনবন্ধ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী। পিতৃৰ চৰকাৰী চাকৰিৰ সূত্ৰে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা অসমৰ বিভিন্ন ঠাইত হৈছিল যদিও শেষত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ  যায় আৰু তাৰে ৰিপন কলেজৰ পৰা বি.এ.  ডিগ্ৰী লাভ কৰে। কলিকতাত পঢ়ি থকা অৱস্থাতে তেওঁৰ সাহিত্যিক জীৱনৰো অংকুৰণ ঘটে।

​সাহিত্যিক অৱদান : অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰলৈকে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে। তেওঁক অসমীয়া সাহিত্যত ৰসৰাজ আৰু সাহিত্যৰথী উপাধি  প্ৰদান কৰা হৈছে। তেওঁৰ প্ৰধান সাহিত্যিক কৃতিসমূহ হ’ল:

​(ক) সাধুকথা: 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল’ৰা' আদি তেওঁৰ যুগজয়ী সৃষ্টি, যিয়ে আজিও প্ৰতিগৰাকী অসমীয়া শিশুক মোহিত কৰে।

​(খ) হাস্যৰসাত্মক ৰচনা: কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি আদিৰ জৰিয়তে তেওঁ সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰক ব্যংগাত্মক ৰূপত প্ৰহাৰ কৰিছিল।

​(গ) নাটক আৰু বুৰঞ্জীমূলক ৰচনা: জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ  আদি নাটকৰ জৰিয়তে তেওঁ অসমৰ গৌৰৱময় ইতিহাসক মঞ্চত জীৱন্ত কৰি তুলিছিল।

​(ঘ) জাতীয় সংগীত: আমাৰ অসমৰ জাতীয় সংগীত  অ’ মোৰ আপোনাৰ দেশ  লক্ষ্মীনাথ বেজবৰুৱাৰেই অমৰ সৃষ্টি।

(ঙ) চুটিগল্পৰ জনক: লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আটাইতকৈ ডাঙৰ গৌৰৱ হ’ল— তেওঁৱেই হৈছে অসমীয়া চুটিগল্পৰ জনক বা প্ৰৱৰ্তক।

​ইয়াৰ উপৰিও জোনাকী আলোচনীৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে অসমীয়া ভাষাৰ আধুনিকীকৰণত তেওঁৰ ভূমিকা অনন্য আছিল।

ভালপোৱাৰ কাৰণ : লক্ষ্মীনাথ বেজবৰুৱাদেৱ মোৰ প্ৰিয় সাহিত্যিক হোৱাৰ কেইবাটাও বিশেষ কাৰণ আছে:

​​(ক)  সহজ-সৰল ভাষা: তেওঁৰ লিখনীৰ ভাষা অত্যন্ত সৰল আৰু ঘৰুৱা। জঁটীল কথাবোৰো তেওঁ অতি সহজকৈ বুজাই দিব পাৰিছিল।

​​(খ) দেশপ্ৰেম আৰু জাতীয়তাবোধ: তেওঁৰ প্ৰতিটো শব্দত অসম আৰু অসমীয়া জাতিৰ প্ৰতি থকা গভীৰ প্ৰেম প্ৰতিফলিত হয়। তেওঁ আমাক নিজৰ ভাষা-সংস্কৃতিক লৈ গৌৰৱ কৰিবলৈ শিকাইছে।

​​(গ)  নিৰ্মল হাস্যৰস: তেওঁৰ ৰচনাসমূহ পঢ়িলে মন প্ৰফুল্লিত হৈ পৰে। কাৰো মনত আঘাত নিদিয়াকৈ কেৱল হাঁহিৰ চলেৰে সমাজ সংস্কাৰ কৰাৰ যি ক্ষমতা তেওঁৰ আছিল, সেয়া সঁচাকৈয়ে বিৰল।

সামৰণি : সামৰণিত ক’ব পাৰি যে লক্ষ্মীনাথ বেজবৰুৱাদেৱ কেৱল এজন সাহিত্যিকেই নাছিল, তেওঁ আছিল অসমীয়া জাতিৰ সংকট কালৰ ত্ৰাণকৰ্তা। ১৯৩৮ চনৰ ২৬ মাৰ্চত ডিব্ৰুগড়ত এইজনা মহান মনীষীৰ দেহাৱসান ঘটে। তেওঁ দেখুৱাই যোৱা ভাষা-প্ৰেমৰ বাটেৰে খোজ কাঢ়ি নিজৰ মাতৃভাষাক আগুৱাই লৈ যোৱাটোৱেই হ’ব তেওঁৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। তেওঁৰ কালজয়ী সৃষ্টিসমূহ আমাৰ মাজত সদায় অমৰ হৈ থাকিব।

Quick Info

Published On
25th May, 2026
Organisation
This Essay is for Assamese Subject of Class 10 of Marks 8
Location
Assam
Join WhatsApp Channel
Join WhatsApp Channel

You may also like

Study Material

Essay on Your Favourite Book

This Essay is for Assamese Subject of Class 10 of Marks 8

Assam
Study Material

Essay on Artificial Intelligence and Our Future

This Essay is For Assamese Subject of HS 2nd Year Students

Assam