Rozgarassam.com
HomeSubmit JobAdvertiseContact
Rozgarassam.com

Your trusted source for government job alerts, admit cards, results & scholarships across Assam.

Dalgaon, Assam, India

Explore

  • Closing Soon
  • Government Jobs
  • Private Jobs
  • Admit Cards
  • Results
  • Exams
  • Study Materials
  • Admissions
  • Scholarships
  • Schemes
  • Tenders
  • Auction

Company

  • About Us
  • Disclaimer
  • Privacy Policy

Connect

©© 2026 RozgarAssam. All rights reserved.

AboutPrivacyDisclaimer
HomeStudy MaterialsEssay on Your Favourite Book

This Essay is for Assamese Subject of Class 10 of Marks 8

Essay on Your Favourite Book

Study MaterialDeclared
Published On4th May, 2026This Essay is for Assamese Subject of Class 10 of Marks 8Assam
WhatsApp ChannelTelegram Channel
Join WhatsApp ChannelJoin Telegram Channel

                                         মোৰ প্ৰিয় গ্ৰন্থ 

              "কল্পনাৰ ডেউকাৰে উৰি যাওঁ সাধুকথাৰ  দেশলৈ;

            'বুঢ়ী আইৰ সাধু' মোৰ মনৰ মণিকূটত জিলিকি ৰ'ব চিৰদিনলৈ।"

আৰম্ভণি:    "কিতাপ মানুহৰ পৰম বন্ধু"— এই কথাষাৰ সম্পূৰ্ণ সঁচা। এখন ভাল কিতাপে মানুহৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিব পাৰে। মই আজিলৈকে বহুত কিতাপ পঢ়িছোঁ আৰু তাৰ ভিতৰত বহুতো কিতাপেই মোৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। কিন্তু যদি মোক সোধা হয় মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ কোনখন, তেন্তে মই অকণো কুণ্ঠাবোধ নকৰাকৈ ক'ম— ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু'।

গ্ৰন্থখনৰ চমু পৰিচয় :  অসমীয়া শিশু সাহিত্য তথা লোক-সাহিত্যৰ শ্ৰেষ্ঠতম পুথি হ'ল 'বুঢ়ী আইৰ সাধু'। ১৯১১ চনত প্ৰথম প্ৰকাশ পোৱা এই গ্ৰন্থখনত লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ চুকে-কোণে মানুহৰ মুখে-মুখে প্ৰচলিত হৈ থকা লোককথা বা সাধুকথাসমূহ সংগ্ৰহ কৰি এক সুন্দৰ ৰূপত সজাই তুলিছে। গ্ৰন্থখনৰ পাতনিত লিখকে নিজে উল্লেখ কৰিছে যে অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা সাধুকথাসমূহ সংৰক্ষণ কৰাই আছিল এই পুথিখন ৰচনাৰ মূল উদ্দেশ্য।

                 'বুঢ়ী আইৰ সাধু' পুথিখনত মুঠ ৩০ টা সাধুকথা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত কেইটামান অতি জনপ্ৰিয় আৰু মোৰ প্ৰিয় সাধুকথা হ'ল— তেজীমলা, ঔ-কুঁৱৰী, দীঘলঠেনীয়া, গংগাটোপ, বান্দৰ আৰু শিয়াল, চিলনীৰ জীয়েকৰ সাধু, টিংকলিঙৰ সাধু আদি। প্ৰতিটো সাধুৱেই নিজৰ ঠাইত সুকীয়া আৰু বৈশিষ্ট্যপূৰ্ণ।

গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ:    এই গ্ৰন্থখন মোৰ প্ৰিয় হোৱাৰ কেইবাটাও বিশেষ কাৰণ আছে, এইবোৰ হ'ল:

ক)  সৰল আৰু জতুৱা ভাষা: কিতাপখনৰ ভাষা অতি সৰল, ঘৰুৱা আৰু জতুৱা ঠাঁচ যুক্ত। বেজবৰুৱাদেৱৰ বৰ্ণনাৰ শৈলী ইমানেই জীৱন্ত যে পঢ়ি থকাৰ সময়ত চকুৰ আগত ঘটনাটো ঘটি থকা যেন অনুভৱ হয়।

খ)  কল্পনাৰ জগত: সাধুবোৰ পঢ়িলে মনত এক সুকীয়া আনন্দ পোৱা যায়। কথা ক'ব পৰা জীৱ-জন্তু, যাদুকৰী বস্তু আদিৰ জৰিয়তে কিতাপখনে আমাক এক মনোৰম কল্পনাৰ জগতলৈ লৈ যায়।

গ) নৈতিক শিক্ষা: কেৱল মনোৰঞ্জনেই নহয়, প্ৰতিটো সাধুৰ আঁৰতে কিছুমান অমূল্য নৈতিক শিক্ষা লুকাই আছে। যিয়ে আমাক সততা, ধৈৰ্য আৰু দয়ালু হ'বলৈ অনুপ্ৰেৰণা যোগায়।

ঘ) অসমীয়া সমাজৰ চিত্ৰ: এই সাধুবোৰত পুৰণি অসমীয়া সমাজ ব্যৱস্থা, মানুহৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু সৰল গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলন ঘটিছে।

সামৰণি :  সামৰণিত ক'ব পাৰি যে, 'বুঢ়ী আইৰ সাধু' কেৱল এখন সাধুকথাৰ পুথিয়েই নহয়, ই অসমীয়া জাতীয় জীৱনৰ দাপোনস্বৰূপ আৰু অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। ই কেৱল শিশুসকলৰ বাবেই নহয়, বৰঞ্চ সকলো বয়সৰ পঢ়ুৱৈৰ বাবে সমানেই উপযোগী আৰু আনন্দদায়ক। যিমানেই পঢ়িলেও আমনি নলগা এই গ্ৰন্থখনে মোৰ মনত যি গভীৰ প্ৰভাৱ পেলাইছে, তাৰ বাবেই 'বুঢ়ী আইৰ সাধু' মোৰ চিৰপ্ৰিয় গ্ৰন্থ।

Quick Info

Published On
4th May, 2026
Organisation
This Essay is for Assamese Subject of Class 10 of Marks 8
Location
Assam
Join WhatsApp Channel
Join WhatsApp Channel

You may also like

Study Material

Linear Seating Arrangement MCQs with Answers & Detailed Explanations | SSC, Banking, Railway & ADRE Reasoning …

State Level Recruitment Commission (SLRC)

Assam
Study Material

Day and Calendar Questions with Answers & Detailed Explanation for ADRE, SSC, Railway, Banking & Assam Police …

State Level Recruitment Commission (SLRC)

Assam